Psalms 121

আৰোহন-যাত্ৰাৰ সঙ্গীত।

1মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ,
ক’ৰ পৰা মোৰ সহায় আহিব?
2যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব।

3তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব;

তোমাৰ ৰখীয়াজনা টোপনি নাযাব।
4চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে,
তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব।

5যিহোৱা তোমাৰ ৰক্ষক;

যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ।
6দিনত সূৰ্য্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব।

7যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব;

তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব।
যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।
8

Copyright information for AsmULB